অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি আৰু স্মাৰ্ট, আধুনিক আৰু দক্ষ বাহিনীলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অসম-অৰুণাচল সীমান্তৰ সমীপৱৰ্তী বিশ্বনাথ জিলাৰ পাভৈ অঞ্চলৰ ডিৰিঙত অত্যাধুনিক কমাণ্ডো বেটেলিয়ন কেম্প উদ্বোধন কৰে।
অসম আৰক্ষীক
আধুনিকীকৰণ আৰু শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত স্থাপন কৰা এই সুবিধা
হৈছে পঞ্চম কমাণ্ডো বেটেলিয়ন কেম্পাছ। এনে কমাণ্ডো বেটেলিয়ন কেম্প গঢ়ি তোলা
পাঁচখন জিলাৰ ভিতৰত—কাৰ্বি আংলং, হাইলাকান্দি, চৰাইদেউ, সদিয়া, আৰু বিশ্বনাথ।
আনুমানিক ১৭৭ কোটি
টকা ব্যয় সাপেক্ষে ২১৮ বিঘা মাটিত নিৰ্মিত এই আধুনিক কামাণ্ডো শিবিৰত ৪০০ পৰ্যন্ত থাকিব পৰাকৈ ডিজাইন কৰা হৈছে। কেম্পাছটোত
হেলিপেড, ক্ৰীড়া আৰু পেৰেড
খেলপথাৰ, কমিউনিটি চেণ্টাৰ, নামঘৰ, আধুনিক কম্পিউটাৰ
লেবৰেটৰী, আৰক্ষী কৰ্মীৰ শিশুৰ
বাবে বিদ্যালয়, বিষয়া আৰু পৰিয়ালৰ বাবে ১০খন বিছনাযুক্ত চিকিৎসালয়, উন্নত অগ্নিনিৰ্বাপক
ব্যৱস্থা আদিৰ লগতে অন্যান্য উপযোগী সামগ্ৰীসমূহো আধুনিক আন্তঃগাঁথনিৰে সজ্জিত।
২০২১ চনৰ পিছত কাৰ্বি আংলং, হাইলাকান্দি, চৰাইদেউ, সদিয়া, আৰু বিশ্বনাথত পাঁচটা
নতুন কমাণ্ডো বেটেলিয়ন সৃষ্টি কৰিলোঁ। আজি পাভৈত পঞ্চম বেটেলিয়ন চৌহদ উদ্বোধন
কৰাৰ লগে লগে অসম আৰক্ষী তথা ৰাজ্যৰ বাবে সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত।
0 Comments